newsnextone.com | পৰ্বতঝোৰাঃ বিটিএডিত নেতাৰ অভাৱ নাই৷ সেয়া শাসকীয় দলৰে হওক নতুবা বিৰোধীৰে হওক৷ বৰ বৰ নেতাই প্ৰতিদিনে দিয়ে বৰ বৰ ভাষণ৷ কিন্তু কাম কৰাৰ বাবেহে নেতা নাই বিটিএডিত৷ বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য সকলোতে আজিও পিছপৰি ৰৈছে সমগ্ৰ বিটিএডি৷ বিটিএডিৰ শাসকীয় দল বিপিএফে ৰাজ্যৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ চলাই আছে যদিও চকুত লগা উন্নয়ন কৰিব পৰা নাই বিটিএডিৰ শাসকীয় দলটোৱে৷

তাৰ মাজতে বিটিএডিৰ সদৰ জিলাৰ পৰ্বতঝোৰাত প্ৰতিদিনে দেখা যায় এখন ভয়াবহ প্ৰতিচ্ছবি৷ মৰণক-শৰণ কৰি একাংশ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল, শ্ৰমিকে নিতৌ নৈৰ বুকুৰে পাৰ হ’ব লগা হয়৷ আনহাতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব যোৱাৰ দৃশ্যই ৰাইজক প্ৰতিদিনে শংকিত কৰে৷

বিটিএডিৰ কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও-পৰ্বতঝোৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদ সংকুল ভাৱে যাতায়াত কৰে। কোকৰাঝাৰ-গোঁসাইগাঁও-ধুবুৰী পথত এখন নৈত দলং নথকাৰ বাবেই ৰাইজে যমৰ-যাতনা ভোগ কৰিব লগা হয়৷ বাশবাৰী, মলনডুবি, কুৰ্ষাকাটিৰ পৰা ধুবুৰী বাশবাৰী, মলনডুবি, কুৰ্ষাকাটি হৈ ধুবুৰীলৈ বাৰিষা-খৰালি কলৰ ভূৰেৰে পাৰ হৈ মৰণক-শৰণ কৰি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আহিছে। ছাত্ৰ-ছাত্ৰীয়ে টুলুঙা ভূৰেৰে যাতায়াত কৰি শিক্ষা গ্ৰহণ কৰিছে যদিও এই দৃশ্য দেখি লাজ নালাগে বৰ বৰ ভাষণ দিয়া নেতাৰ।

কংগ্ৰেছৰ বৰ বৰ নেতাই ডিঙিৰ শিৰ ফুলাই ভাষণ দি পোন্ধৰ বছৰ শাসন কৰিলে যদিও কণ কণ ছাত্ৰ-ছাত্ৰী জীৱনৰ পিনে চাবলৈ আহৰি নাপালে৷ ইপিনে জাতি, মাটিৰ কথা কৈ ডিঙিৰ শিৰ ফুলাই ৰাজ্যৰ শাসনৰ ভাৰ লোৱা বিজেপি আৰু বিপিএফে চমক সৃষ্টিতহে ব্যস্ত হৈ থাকিব লগা হৈছে৷

ফলত হাগ্ৰামাৰ মডেল বিটিচিৰ নগ্ন দৃশ্যই চকু কপালত তুলিছে সৰ্বসাধাৰণ ৰাইজৰ৷ বিটিএডিৰ কোকৰাঝাৰ-ধুবুৰী পথত ৫ বছৰ পূৰ্বে নৈত নিৰ্মাণ আৰম্ভ কৰিছিল এখন পকী দলঙৰ কাম৷ পকী দলং খন ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰি নিৰ্মাণত গুৰুত্হ নিদিয়াৰ লগতে বিভাগে তদাৰক নকৰাৰ ফলত নিৰ্মাণ আজিও সমাপ্ত কৰিব নোৱাৰাত যমৰ-যাতনা ভোগ কৰিব লগীয়া হৈছে৷

মৰণক-শৰণ কৰি যাত্ৰীয়ে পাৰ হোৱাৰ বাবে বিপিএফ চৰকাৰক জগৰীয়া কৰে অঞ্চলটোৰ ৰাইজে৷ বৃহত্তৰ গোঁসাইগাঁও, মলনডুবি, কুৰ্ষাকাটি, বাশবাৰী অঞ্চলৰ ৰাইজৰ এতিয়া কলৰ ভূৰেই হৈছে একমাত্র যাতায়াতৰ ব্যৱস্থা৷ বিটিএডিৰ কোকৰাঝাৰ জিলাৰ ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অঞ্চলসমূহত যাতায়ত ব্যৱস্থাৰ শোচনীয় অৱস্থা বুলি অভিযোগ উত্থাপন হৈছে৷