newsnextone.com | পৰ্বতঝোৰাঃ বিটিএডিত নেতাৰ অভাৱ নাই৷ সেয়া শাসকীয় দলৰে হওক নতুবা বিৰোধীৰে হওক৷ বৰ বৰ নেতাই প্ৰতিদিনে দিয়ে বৰ বৰ ভাষণ৷ কিন্তু কাম কৰাৰ বাবেহে নেতা নাই বিটিএডিত৷ বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য সকলোতে আজিও পিছপৰি ৰৈছে সমগ্ৰ বিটিএডি৷ বিটিএডিৰ শাসকীয় দল বিপিএফে ৰাজ্যৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ চলাই আছে যদিও চকুত লগা উন্নয়ন কৰিব পৰা নাই বিটিএডিৰ শাসকীয় দলটোৱে৷
তাৰ মাজতে বিটিএডিৰ সদৰ জিলাৰ পৰ্বতঝোৰাত প্ৰতিদিনে দেখা যায় এখন ভয়াবহ প্ৰতিচ্ছবি৷ মৰণক-শৰণ কৰি একাংশ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল, শ্ৰমিকে নিতৌ নৈৰ বুকুৰে পাৰ হ’ব লগা হয়৷ আনহাতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব যোৱাৰ দৃশ্যই ৰাইজক প্ৰতিদিনে শংকিত কৰে৷