কোকৰাঝাৰঃ কোকৰাঝাৰ ৰেল ষ্টেচনৰ নিচেই কাষতে থকা শনি মন্দিৰৰ পূজাৰী এজনক যোৱা নিশা দূৰ্বৃত্তই হানিখুচি হত্যা কৰি নগদ ধন লুটি নিয়া ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দুৰ্বৃত্তই অতি নিৰ্মমভাৱে পূজাৰী নিখিল দেৱনাথ (৫৭)ক চোকা অস্ত্ৰ আৰু ৰডেৰে হত্যা কৰি মন্দিৰত থকা প্ৰায় আঢ়ৈ লাখ টকা লুটি লৈ নিৰ্বিঘ্নে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷
প্ৰাপ্ত বাতৰি মতে যোৱা নিশা শনি মন্দিৰটোত শনি পূজা উপলক্ষে অগণন ভক্তৰ সমাগম ঘটিছিল৷ নিশা প্ৰায় দুই বজাত মন্দিৰৰ পৰা ভক্তসকল আতৰি যোৱাৰ পিছতেই দুৰ্বৃত্তৰ আগমন ঘটে৷ সেই মতে মুষলধাৰ বৰষুণকো নেওচি ৪ গৰাকী দুৰ্বৃত্তই মুখত ক’লা কাপোৰ পিন্ধি আহি পূজাৰী নিখিল দেৱনাথক হত্যা কৰে৷