কোকৰাঝাৰঃ তিনিচুকীয়াৰ খেৰবাৰীত পাঁচজনকৈ নিৰীহ লোকক শূন্য দূৰত্বৰপৰা গুলিয়াই হত্যা কৰাৰ পাছতে ক্ৰমাত উত্তপ্ত হৈ পৰিছে ৰাাজ্যৰ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে আলফা (স্বাধীন) এক বিবৃতিযোগে তিনিচুকীয়া ঘটনাৰ সৈতে তেওঁলোকৰ সংগঠন জড়িত নহয় বুলি দাবী কৰেছে যদিও একাংশ সংগঠনে ইয়াক মানি লোৱা নাই।
আলফা (স্বাধীন) আৰু যুদ্ধবিৰত আলফাৰ কোনো পাৰ্থক্য নাই বুলিও বেংগলী সংগঠসমূহে অভিযোগ উত্থাপন কৰিছে । খেৰবাৰীত সংগঠিত হোৱা ক্ষোভৰ বহি:প্ৰকাশ স্বৰূপে আজি কোকৰাঝাৰত বি টি চি বেংগলী যুব ছাত্ৰ পৰিষদে আলফাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।