61
কোকৰাঝাৰঃ ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পদক্ষেপ গ্ৰহণ কৰাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পিপুলচ জইণ্ট একচন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট চমুকৈ পি এ জি চি বি এমে। বুধবাৰে কোকৰাঝাৰ জিলা কাৰ্যালয়ৰ নিকটৰ শিশু উদ্যানৰ সন্মুখত ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি পি এ জি চি বি এমে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
