কোকৰাঝাৰঃ বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ ৩০ নং পূব (জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামোঞ্চলৰ ৰাস্তা-ঘাট আৰু দলং নিৰ্মাণৰ লক্ষ্যৰে বুধবাৰে সৰ্বমুঠ ১৬ কোটি ১ লাখ ৭৩ হেজাৰ টকা ব্যয় সাপেক্ষে চাৰিখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰা হয়৷
সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্মাণ হ’বলগীয়া দলং কেইখনৰ পৃথকে পৃথকে আধাৰশিলা স্থাপন কৰে বিধায়িকা তথা ৰজ্য চৰকাৰৰ সমাজ কল্যান মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ মহাবীৰ লাচিত-চিলাৰায় সেতু নিৰ্মাণ অভিযানৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ এছ অ’ পি ডিৰ অধীনত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই হাব্ৰুবাৰী আৰু বৰহালোৱাদল পথত সৰ্বমুঠ ৩ কোটি ১৬ লাখ ৭৪ হেজাৰ টকা ব্যয়ৰে কুন্ঠাইবাৰীত আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰি কয় যে বি টি এ ডি অঞ্চলৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত বি পি এফ দলে মিত্ৰ চৰকাৰৰ অংশীদাৰ হৈ ৰাইজৰ উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰিছে৷
যাৰ ফলশ্ৰুতিত অসম চৰকাৰৰ মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযানৰদ্বাৰা বি টি এ ডিৰ ভগ্ন কাঠৰ দলংসমূহ আৰ চি চি দলং নিৰ্মাণ কৰাৰ বাবে সাঙুৰি লোৱা হৈছে৷
মন্ত্ৰী ব্ৰহ্মই ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত বোমা বিস্ফোৰণৰে পুলৱামাৰ ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিয়াত সন্তুষ্টি প্ৰকাশ কৰে৷ এইক্ষেত্ৰত ভাৰতীয় জোৱানৰ সাহসিকতাৰ প্ৰশংসা কৰি জোৱানসকলক মনোবল বৃদ্ধি কৰাৰ বাবে দেশবাসীক আহ্বান জনায়৷
উল্লেখ্য যে মন্ত্ৰী ব্ৰহ্মই মহাবীৰ লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ অভিযানৰ অধীনত আঠিয়াবাৰী তিনালীৰপৰা কাপোৰগাঁও পথত মুঠ ২ কোটি ৬৪ লাখ ৮৬ হেজাৰ টকা ব্যয় সাপেক্ষে এখন দলঙৰ আধাৰশিলাৰ উপৰিও কাপোৰগাঁৱৰপৰা ময়নাৰতল পথত ৬ কোটি ৭৪ লাখ ৮৮ হেজাৰ টকা আৰু জাইনাৰীৰপৰা ভমৰাগুৰী পথত ৩ কোটি ৪৫ লাখ ২৫ হেজাৰ টকা ব্যয় সাপেক্ষে এখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰে৷
আধাৰশিলা স্থাপন কাৰ্যসূচীত কোকৰাঝাৰ গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা জগমোহন বসুমতাৰীসহ কেইবাগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে৷