সুদীৰ্ঘ ৩৭ বছৰে পৰিত্যক্ত ৰূপসী বিমানবন্দৰ পুনৰ হ’ব কাৰ্যক্ষম

Home ৰাজ্যসুদীৰ্ঘ ৩৭ বছৰে পৰিত্যক্ত ৰূপসী বিমানবন্দৰ পুনৰ হ’ব কাৰ্যক্ষম

সুদীৰ্ঘ ৩৭ বছৰে পৰিত্যক্ত ৰূপসী বিমানবন্দৰ পুনৰ হ’ব কাৰ্যক্ষম

by News Desk
59 views
A+A-
Reset

কোকৰাঝাৰঃ ১৯৬২ চনত চীনৰ ভাৰত আক্ৰমণৰ সময়ত সৈনিকৰ সুবিধাৰ বাবে কোকৰাঝাৰ জিলাৰ ৰূপসীত নিৰ্মান কৰা হৈছিল এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ ৰূপসী বিমান বন্দৰ। বিগত ৩৭ বছৰ ধৰি পৰিত্যক্ত তথা অকাৰ্যক্ষম হৈ থকাৰ পাছত যোৱা শুকুৰবাৰে কোকৰাঝাৰ জিলাবাসী ৰাইজৰ লগতে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও জিলা তথা সমগ্ৰ নামনি অসমবাসী ৰাইজৰ সপোন আৰু আশাক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ৰূপসী বিমানবন্দৰটো পুণৰ কাৰ্যক্ষম কৰা তথা উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলান্যাস কৰে। 

শিলান্যাসৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিশেষ দিনটো কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমা, বি টি চিবাসী ৰাইজ আৰু নামনি অসমৰ বাবে এটা ঐতিহাসিক দিন বুলি অভিহিত কৰে।
 
যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত নহ’লে সমাজ এখন আগবাঢ়ি যাব নোৱাৰে বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে বুলি তেওঁ মন্তব্য কৰে। পূৰ্বতে কংগ্ৰেছৰ দুৰ্নীতিৰ বাবেই দেশৰ অৰ্থনীতি দুৰ্বল হোৱা বুলি উল্লেখ কৰি বি জে পি চৰকাৰ অহাৰ পাছতে প্ৰকৃত গণতন্ত্ৰ আৰম্ভ হোৱা বুলিও তেওঁ দাবী কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0