কোকৰাঝাৰঃ বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ১৯৯৫ চনত স্থাপন হোৱা কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়খনৰ নৱাগত অাদৰণি সভাখন আজি অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপিকা গাৰ্গি মুছাহাৰীয়ে অাঁতধৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড০ আৰ.এন সিনহাই সভাপতিত্ব কৰে।
নৱাগত অাদৰণি সভাত মুখ্য অতিথি ৰূপে ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত অাৰু সন্মানীয় অতিথি হিচাপে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বড়ো মহিলা কল্যাণ পৰিষদ ( আবৌফ) ৰ প্ৰাক্তন নেত্ৰী কাননৱালা বসুমতাৰী উপস্থিত থাকে।