কোকৰাঝাৰঃ সদৌ বিটিচি বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেছনৰ কোকৰাঝাৰ জিলা সমিতিয়ে ব্যৱসায়ী ৰঞ্জিত দত্তক অপহৰণৰ প্ৰতিবাদত আৰু জিলা প্ৰশাসনে অপহৃতক উদ্ধাৰৰ ক্ষেত্ৰত দেখুওৱা হেমাহিৰ অভিযোগ তুলি আজি ৰাতিপুৱা ৬ বজাৰ পৰা বিয়লি ৬ বজালৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া কোকৰাঝাৰ জিলা বন্ধৰ সময়ছোৱাত জিলাখনৰ কেতবোৰ অঞ্চলত বিক্ষিপ্ত ঘটনা সংঘটিত হয় ।
২৬ ফেব্ৰুৱাৰীত বিটিএডি এলেকাত চকা বন্ধ আৰু অৰ্থনৈতিক অৱৰোধৰ আহ্বান সদৌ বিটিচি বেঙ্গলী ক্ষেত্ৰীয় কমিটিৰ। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ ক্ষতিসাধন, আহত অগ্নিনিৰ্বাপক কৰ্মী।