কোকৰাঝাৰঃ বিটিএডি অঞ্চলৰ নিৰাপত্তা আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি কোকৰাঝাৰত পৰ্দাপন  কৰি নিৰাপত্তা বাহিনীৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে ৰাজ্যৰ আইন শৃংখলাৰ দায়িত্বত থকা বিশেষ আৰক্ষী  সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ।

কোকৰাঝাৰ চহৰস্থিত আৰক্ষীৰ অতিথিশালাত আজি বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত বৈঠকত বিটিএডিৰ আই জি পিৰ দায়িত্বত থকা অসম আৰক্ষীৰ এডিজিপি এল আৰ বিষ্ণই , এছ বিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পল্লব ভটাচাৰ্য , জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং , জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগু আৰু চি আৰ পি এফ, সেনা বাহিনীকে ধৰি বিভিন্ন নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷  

বৈঠকৰ অন্তত  বিশেষ আৰক্ষী  সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে বি টি এ ডিৰ উগ্ৰপন্থী বিৰুদ্ধে চলি থকা অভিযান আৰু বিশেষকৈ এন ডি এফ বি ( এছ) আৰু কে এল অ গোটে ৩১ মাৰ্চৰ ভিতৰত ভাষিক সংখ্যালঘু-হিন্দীভাষীক অসম ত্যাগৰ ভাবুকি দিয়া  দিশটোৰ ওপৰত বিশদভাৱে আলোচনা কৰাৰ লগতে বিভিন্ন নিৰাপত্তাৰ দিশক লৈ বৈঠকত আলোচনা কৰা হয় ৷  

তদুপৰি বি টি এ ডিত বিগত দুটা বছৰৰ পৰা এন ডি এফ বি (এছ) আৰু কে এল অৰ কেইবাগৰাকী সদস্য সংঘৰ্ষত নিহত আৰু আটক হোৱা আৰু ৭০ জনৰো অধিক  যোগাযোগকাৰী নিৰাপত্তাৰক্ষীৰ হাতত আটক হোৱাৰ প্ৰতি লক্ষ্য  ৰাখি বৰ্তমান অঞ্চলটোত এনডিএফবিৰ ছাওৰাইগৌৰা গোট আৰু কেএলঅৰ প্ৰভাৱ প্ৰায় নাইকিয়া হৈছে বুলি সঞ্চালক গৰাকীয়ে দাবী কৰে ।

লগতে উগ্ৰপন্থী সংগঠনত নতুনকৈ সদস্য ভৰ্তিৰ ওপৰতো চোকা দৃষ্টি ৰখা হ'ব বুলি কোৱাৰ লগতে শেহতীয়াকৈ বি টি এ ডিৰ ওদালগুৰীত সংঘটিত ঘটনা সংক্ৰান্তত ডি জি পি শইকীয়াই উক্ত ঘটনাৰ সৈতে আলফা( স্বাধীন ) গোট জড়িত থকাৰ সন্দেহ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ এই ক্ষেত্ৰত দৰং আৰু ওদালগুৰীৰ দুই জিলাৰ আৰক্ষী অধীক্ষকলৈ যুটীয়া অভিযানৰ বাবে এটা বিশেষ দল গঠন কৰি দিয়া বুলি জানিবলৈ দিয়ে কুলধৰ শইকীয়াই ।