কোকৰাঝাৰঃ বিটিএডি অঞ্চলৰ নিৰাপত্তা আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি কোকৰাঝাৰত পৰ্দাপন কৰি নিৰাপত্তা বাহিনীৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে ৰাজ্যৰ আইন শৃংখলাৰ দায়িত্বত থকা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ।
কোকৰাঝাৰ চহৰস্থিত আৰক্ষীৰ অতিথিশালাত আজি বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত বৈঠকত বিটিএডিৰ আই জি পিৰ দায়িত্বত থকা অসম আৰক্ষীৰ এডিজিপি এল আৰ বিষ্ণই , এছ বিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পল্লব ভটাচাৰ্য , জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং , জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগু আৰু চি আৰ পি এফ, সেনা বাহিনীকে ধৰি বিভিন্ন নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ৷