কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সুতাৰপাৰাৰ বিধৱা মহিলা কুমিলা মুৰ্মুক একমাত্ৰ ডাইনী সন্দেহতে ঘাতকৰ দলটোৱে কুঠাৰেৰে ঘপিয়াই হত্যা কৰা কৰিছিল বুলি ঘাতকসকলে অাৰক্ষীৰ অাগত স্বীকাৰোক্তি প্ৰদান কৰিছে। ২৭ মাৰ্চৰ সন্ধিয়া ঘৰত কোনেও নথকাৰ সুযোগত ঘাতকৰ দলটোৱে কুমিলাক মুখত সোপা দি চোঁচৰাই টানি নি ভূমকিৰ কাৰ্লভাৰ্ট এটাৰ ওপৰত মুৰত কুঠাৰেৰে ঘপিয়ায় হত্যা কৰি খেতিপথাৰৰ নলা এটাৰ কাষত পুতি থয়।
অাৰক্ষীয়ে কালিয়ে মৃতদেহ উদ্ধাৰ কৰি চাৰিজন অভিযুক্তক আটক কৰাৰ পিছত অাজি বেজসহ অান তিনিজন অভিযুক্তক অাটক কৰে । অাৰক্ষীৰ হাতত অাটকাধীন বেজগৰাকী হ’ল হাইজ্ৰাইগুৰীৰ সুংখা হেমব্ৰম (৫৫)। অানহাতে ঘটনাৰে সতে জড়িত সুতাৰপাৰাৰ লক্ষীৰাম চৰেন অাৰু কিলু চৰেনকো অাৰক্ষীয়ে অাটক কৰিবলৈ সক্ষম হৈছে।