কলকাতাঃ দীপাৱলীৰ কেইদিনমান আগৰেপৰা কলকাতাৰ আকাশত ধৰা পৰিছে কেতবোৰ অচিনাক্ত ৰেডিঅ’ ছিগনেল। অপেচাগত ‘হাম ৰেডিঅ’ অপাৰেটৰ’ৰ বেতাঁৰ যন্ত্ৰত প্ৰথমে ধৰা পৰা এই ৰহস্যজনক সংকেতৰ ওপৰত নিৰাপত্তাসংস্থাসমূহে দিনে-ৰাতিয়ে তীক্ষ্ন নজৰ দি আছে।
পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ ছোদেপুৰ অঞ্চলত প্ৰথমে সাংকেতিক ভাষাত কথা পতা তথা অচিনাকি এই ছিগনেল ধৰা পৰে আৰু পৰৱৰ্তী সময়ত নিশা নিশা হুগলী জিলাৰ চুচুৰা আৰু কলকাতাৰ ছিয়ালদাহৰ আকাশত এই ৰেডিঅ’ সংকেট ধৰা পৰি আহিছে।