newsnextone.com | কোকৰাঝাৰঃ অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে কোকৰাঝাৰত উপস্থিত হয়। ৰাজধানী এক্সপ্ৰেছ যোগে পুৱা কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত উপস্থিত হৈ ৰাজ্যপাল জগদীশ মুখীয়ে নিৰাপত্তাৰক্ষীৰ উচ্চপদস্থ বিষয়াবৰ্গৰে সৈতে বৈঠকত মিলিত হয়। 

ইয়াৰ পিছতে বিটিচিৰ মুখ্য সচিবৰ উপস্থিতিত বিটিচিৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যপাল মুখীয়ে বিষয়াবৰ্গক চৰকাৰী আঁচনিসমূহ যথাযতভাৱে ৰূপায়নৰ নিৰ্দেশ দিয়ে। ৰাজ্যপালে কোকৰাঝাৰৰ বিজ্ঞান মহাবিদ্যালয়, আৰএনবি চিকিৎসালয় আৰু কোকৰাঝাৰ সদৰ থানা পৰিভ্ৰমণ কৰি সচ্ছতাৰো বুজ লয়। 

ৰাজ্যপাল মুখীয়ে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ পৰা মাথো ৯-১০ কিঃ মিঃ নিলগৰ গাঁৱত বিদ্যুতৰ সংযোগ নথকাৰ কথা অৱগত হৈ আচৰিত হৈ পৰে৷ 
উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে দেশৰ প্ৰতিখন গাঁৱত বিদ্যুতৰ সংযোগ দিয়া বুলি সভা-সমিতিয়ে কৈ আহিছে যদিও আজিও যে দেশত বিদ্যুতৰ সংযোগ নথকা গাঁও আছে সেই কথাৰ প্ৰমাণ লাভ কৰে ৰাজ্যপালগৰাকীয়ে৷

কোকৰাঝাৰ সদৰ চহৰৰ পৰা মাথোঁ ১০ কিলোমিটাৰ দূৰত্বৰ উত্তৰ পশ্চিম প্ৰান্তৰ দক্ষিণ ঘোষকাটা গাঁৱত ৰাজ্যপাল জগদীশ মুখী সোঁশৰীৰে উপস্থিত হৈ গাঁওবাসীৰ সৈতে বুধবাৰে মত বিনিময় কৰে৷ গাঁওখনত উপস্থিত হৈ ৰাজ্যপাল মুখীয়ে গাঁও খনৰ লোকৰ সৈতে দীৰ্ঘ সময় বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে৷ ৰাজ্যপালগৰাকীয়ে ৩১ জুলাইৰ ভিতৰত বিদ্যুৎ সংযোগ দি পৰৱৰ্তী সময়ত ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰতি ঘৰে ঘৰে বিদ্যুৎ সংযোগ দিবলৈ বিভাগীয় বিষয়াক কাঢ়া নিৰ্দেশ প্ৰদান কৰে। 

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিখন গাঁৱত বিদ্যুৎ সংযোগৰ বাবে এক পৰিকল্পনা গ্ৰহণ কৰিছে আৰু আজিৰ তথ্য-প্ৰযুক্তিৰ উন্নয়ণৰ যুগতো যদি গাঁৱত বিদ্যুতেই নেথাকে সেয়া অতি দুখৰ বিষয় বুলি মন্তব্য কৰি ৩১ জুলাইৰ ভিতৰতে বিদ্যুৎ সংযোগৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপালে নিৰ্দেশ প্ৰদান কৰে৷