newsnextone.com | কোকৰাঝাৰঃ অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে কোকৰাঝাৰত উপস্থিত হয়। ৰাজধানী এক্সপ্ৰেছ যোগে পুৱা কোকৰাঝাৰ ৰে’লৱে ষ্টেচনত উপস্থিত হৈ ৰাজ্যপাল জগদীশ মুখীয়ে নিৰাপত্তাৰক্ষীৰ উচ্চপদস্থ বিষয়াবৰ্গৰে সৈতে বৈঠকত মিলিত হয়।
ইয়াৰ পিছতে বিটিচিৰ মুখ্য সচিবৰ উপস্থিতিত বিটিচিৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যপাল মুখীয়ে বিষয়াবৰ্গক চৰকাৰী আঁচনিসমূহ যথাযতভাৱে ৰূপায়নৰ নিৰ্দেশ দিয়ে। ৰাজ্যপালে কোকৰাঝাৰৰ বিজ্ঞান মহাবিদ্যালয়, আৰএনবি চিকিৎসালয় আৰু কোকৰাঝাৰ সদৰ থানা পৰিভ্ৰমণ কৰি সচ্ছতাৰো বুজ লয়।