39
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ নায়েৰ আলগা শিশু সংহত কেন্দ্ৰৰ অন্তৰ্গত কাঠালদি ২য় খণ্ডৰ ১২০ অংগনৱাড়ী কেন্দ্ৰৰ ব্যাপক অনিয়ম-দুৰ্নীতিয়ে গ্ৰাস কৰি পেলাইছে কণ কণ শিশুৰ ভবিষ্যত।
প্ৰাপ্ত তথ্য মতে প্ৰায় এবছৰ ধৰি শিশুৰ বাবে নাই মধ্যহ্ন ভোজনৰ আহাৰ, নাই কোনো পাঠদান। কেন্দ্ৰটোৰ নামত চৰকাৰে আগবঢ়োৱা সা-সামগ্ৰীৰ লগতে মধ্যহ্ন ভোজন আহাৰ একাংশ শিশুক যোগান নধৰি কৰ্মী দিলুৰুবা বেগমে সম্পূৰ্ণৰূপে গো- গ্ৰাসে হজম কৰি আহিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।