newsnextone.com | কাকপথাৰঃ উজনি অসমত বৃদ্ধি পাইছে কাঠ, কয়লা আদিৰ অবৈধ ব্যৱসায়৷ সীমান্তৱৰ্তী ৰাজ্য অৰুণাচল, নাগালেণ্ড আদিৰ পৰা গোপনে এচাম নেতা-মন্ত্ৰীৰ চত্ৰছায়াত চলি থকা এই অবৈধ ব্যৱসায়ৰ বিষয়ে বন বিভাগ তথা কয়লা মন্ত্ৰালয়ে জানিও চকুমুদা কুলিৰ ভাও জুৰি থকা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে৷
,তিনিচুকীয়া জিলাৰ কাকপথাৰত অৰুণাচলৰ পৰা চোৰাং ভাৱে কঢি়য়াই অনা আৰজে জিবি ৪৩৮৬ নম্বৰৰ এখন কয়লা ভৰ্ত্তী ট্ৰাক বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ অৰুণাচল প্ৰদেশৰ খাৰচাঙৰ পৰা কাকপথাৰ হৈ ৫২ নং আৰু ধলা দিশেৰে ৩৭ নং ৰাষ্টীয় ঘাই পথেৰে এইদৰে সৰবৰাহ হয় চোৰাং কয়লাৰ অবৈধ বেহা৷