newsnextone.com | কাৰ্বি আংলংঃ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী অসম-নগালেণ্ড সীমান্তৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ খটখটিত আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে বিয়লি তিনিজন কেপিএলটি কেডাৰ আটক কৰিবলৈ সক্ষম হয়। 

কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত এটা তেল ডিপোত খটখটি আৰক্ষীয়ে এক অভিযান চলাই তিনি কেপিএলটি সদস্য লাংহিন তেপংৰংহাং গাঁৱৰ বাসিন্দা লাংছ’ ডেৰা (২৩), হিডিপি চালাকাথা গাঁৱৰ বাসিন্দা ৰক কাথাৰ (২৩) আৰু বালিপথাৰ ৰংহাংৰং গাঁৱৰ বাসিন্দা আৰছিম টিমুং (২১)ক আটক কৰিবলৈ সক্ষম হয়৷ 

আটকাধীন কেপিএলটি সদস্যসকলৰ ভিতৰত আৰছিম টিমুং চিলনীজানৰ এৰিয়া কামাণ্ডাৰ আৰু লাংছ’ ডেৰা খটখটিৰ এৰিয়া কামাণ্ডাৰ চেকেণ্ড ইনচাৰ্জ বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে তিনিওগৰাকীৰ পৰা কেপিএলটিৰ বিত্ত সম্পাদক কাংগহ’ন মিলিক স্বাক্ষৰিত কেইবাখনো ধনদাবী পত্ৰ আৰু সেনাধ্যক্ষ ৰন’ম লিজাং স্বাক্ষৰিত সংগঠনৰ নিযুক্তি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

খটখটি অঞ্চলৰ এটা তেল ডিপোত দাবী কৰা ধন নিবলৈ আহি মঙলবাৰে বিয়লি আৰক্ষীৰ জালত পৰা লাংছ’ ডেৰা, ৰক কাথাৰ আৰু আৰছিম টিমুঙৰ বিৰুদ্ধে খটখটি আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।