প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ অসম আৰক্ষী আৰু চি আৰ পিএফৰ অভিযানত জালত পৰিল কে পি এল টিৰ লিংকমেন৷

পাহাৰীয়া জিলা কাৰ্বি আংলংত সোমবাৰে অসম আৰক্ষী আৰু চি আৰ পি এফৰ ২০নং বেটেলীয়ানৰ লগতে এছ টি এফে চলোৱা যুটীয়া অভিযানত জিলাখনৰ জমিদাৰ তেৰং গাঁৱৰ পৰা অস্ত্ৰ সহিতে আটক কৰিবলৈ সক্ষম হয় জোনা সিং ৰাঙপি আৰু মনজিৎ ভোমিজ নামৰ দুজন লোকক।

জানিব পৰা মতে, দুয়োগৰাকী লোকে বিগত বহু দিন ধৰি বিদ্ৰোহী সংগঠন কে পি এল টিৰ হৈ কাম কৰি আহিছিল৷ গোপন খৱৰৰ ভিত্তীত গাঁও খনত দুয়োজনে থিতাপি লৈ থকাৰ খবৰ লাভ কৰাত অসম আৰক্ষী আৰু চি আৰ পি এফৰ ২০নং বেটেলীয়ানৰ লগতে এছ টি এফে চলোৱা যুটীয়া অভিযান চলাই।

অভিযান কালত কে পি এল টি লিংক মেন দুজনৰ পৰা এটি একে-৫৬, দুটা গ্ৰেনেট, এটি ৫.৫৬ বন্দুক, একে ৫৬ মেগজিন সহিতে বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ জানিব পৰা মতে, সেনা, অৰ্ধ সামৰিক বাহিনী আৰু আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে পাহাৰীয়া জিলা কাৰ্বি আংলংত৷