গৌৰীসাগৰঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন সমূহ সক্ৰিয় হৈ পৰিছে৷ ৰাইজৰ মাজত সোমোৱাৰ লগতে সংগঠনক শক্তিশালী কৰি পঞ্চায়ত নিৰ্বাচনত যাতে ভাল ফলাফল দেখুৱাব পাৰে তাৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি দলৰ ভাতৃ সংগঠন সমূহে৷
‘‘দেশৰ সীমাত দেশৰ জোৱান, দেশৰ মাটিত দেশৰ কৃষাণ’’ শীৰ্ষক শ্ল’গানেৰে বিজেপিৰ ভাতৃ সংগঠন কৃষাণ মৰ্চাৰ শিৱসাগৰ জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয় বুধবাৰে৷ শিৱসাগৰ জিলাৰ কেপি চাৰিআলিৰ ঋতুৰাজ ভৱনত অনুষ্ঠিত কৃষাণ মৰ্চাৰ জিলা কৃষাণ মৰ্চাৰ সংযোজক সকলৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়৷ বন্তি প্রজ্বলনেৰে শিৱসাগৰ জিলা কৃষাণ মৰ্চাৰ সভাপতি বকুল দে’ই সভাৰ শুভাৰম্ভ কৰে৷