ধিংঃ বটদ্ৰৱা থানাত ব্যাপক উলহ মালহৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী। শংখ-ডবা-কাঁহ আৰু হৰি নামৰ ধ্বনিয়ে আজি মুখৰিত বটদ্ৰৱাৰ আকাশ-বতাহ। উল্লেখ্য যে, পূৰ্বৰ পৰম্পৰাৰে এইবাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মষ্ঠান বটদ্ৰৱা থানত ব্যাপক উলহ মালহৰে উদযাপন কৰা হৈছে শ্ৰী কৃষ্ণ জন্মাষ্টমী।
এই অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে আজি পুৱাৰে পৰা বটদ্ৰৱা থানলৈ আগমন ঘটে ৰাজ্য ভিন্ন প্ৰান্তৰ অগণন ভকত বৈষ্ণৱ আৰু দৰ্শনাৰ্থীৰ। আজি ভকত বৈষ্ণৱৰ হৰি নামে অমৃত ৰসৰ নিজৰা বোৱাই দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিছে বটদ্ৰৱাক।