56
তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে সমগ্ৰ তিনিচুকীয়া জিলাত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷
দিনে-নিশাই সেনা-চিআৰপিএফ আৰু আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে জিলা খনত৷ যোৱা দুদিন ধৰি সংঘৰ্ষ সংঘটিত হোৱা কুজুপথাৰত জনগণে আতংকৰে দিন পাৰ কৰিছে৷