ডিজিটেল ডেস্কঃ চোৰাংচোৱাৰ সন্দেহত ভাৰতৰ প্ৰাক্তন নৌ সেনা বিষয়া কুলভূষণ যাদৱক পাকিস্তানে মৃত্যুদণ্ড বিহাৰ খবৰ পোৱা মাত্ৰকে আত্মগোপন কৰিছে তেওঁৰ শোকাহত পৰিয়ালটো। সংবাদমাধ্যমৰ লোকসকলে যিসময়ত এটা মাত্ৰ বাইট ল’বৰ বাবে উন্মাদৰ দৰে তেওঁলোকৰ সন্ধানত আছে, সেই সময়তে নিজ গৃহৰ পৰা অজান ঠাইত বাহৰ পাতিছে পৰিয়ালৰ সদস্যসকল।
চুবুৰীয়াসকলে জনোৱা মতে, যাদৱৰ পুত্ৰ শুভংকৰ আৰু কন্যা ভাৰ্ভিয়ে দেওবাৰে পুণেৰ পৰা নিজ গৃহলৈ আহিছিল। কিন্তু মুম্বাইৰ হীৰানন্দিনী গাৰ্ডেনস্থিত ৫০২ বি ছিলভাৰ ওক এপাৰ্টমেণ্টৰ উক্ত ঘৰটো এতিয়া জনশূন্য। যাদৱৰ পুত্ৰ-কন্যাৰ লগতে তেওঁৰ পত্নী আৰু মাতৃয়ো সোমবাৰে মৃত্যুদণ্ডৰ খবৰ পোৱাৰ লগে লগে শোকত ভাগি পৰে।