ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাৱৰ এগৰাকী মহিলাই বিজেপি বিধায়ক কুলদ্বীপ সিং চেগৰ আৰু সহযোগীৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰাৰ ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অভিযোগকাৰী মহিলাৰ পিতৃক অভিযুক্তই মাৰধৰ কৰাৰ ফলত আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল৷
উত্তৰ প্ৰদেশ আৰক্ষী আৰু প্ৰশাসনৰ বিৰুদ্ধে এই ঘটনাৰ পিছৰে পৰা প্ৰশ্ন উত্থাপন হৈ আহিছে৷ তাৰ মাজতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে বুধবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি এই গোচৰৰ তদন্তৰ থকা অৱগত কৰে৷ আৰক্ষীৰ ভূমিকা সন্দৰ্ভত স্পষ্ট কৰি দোষীক ৰেহাই দিয়াৰ বাবে তেওঁলোকে চেষ্টা কৰা নাই বুলি কয়৷