কুল্লুঃ হিমাচল প্ৰদেশৰ কুল্লু জিলাত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ কুল্লুস্থিত লগবেলীৰ শলংগ নামৰ ঠাইত প্ৰাইভেট বাছ এখন ওচৰৰ নলাত পৰি যোৱাত প্ৰায় ৪০ জন লোক আহত হোৱাৰ লগতে এজন লোক নিহত হয়৷ অন্য এজনৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে৷

দৰাচলতে শলংগৰপৰা কুল্লু অভিমুখী যাত্ৰীৰে ভৰ্তি এখন বাছ আহি থকাৰ অৱস্থাত কুংগী নামৰ এক বৃহৎ নলাত গৈ পৰে৷ এই ঘটনাৰ পাছতেই এম্বুলেন্সৰ গাড়ী উপস্থিত হৈ যাত্ৰীসকলক উদ্ধাৰ কৰে যদিও এজন লোকক বচাব নোৱাৰে৷ অন্য এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাকী লোকসকলকো স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

আনহাতে, ঘটনাৰ সঠিক কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নায়৷ উক্ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্তৰ আৰম্ভ কৰিছে৷