মৰিগাঁওঃ তিৱা স্বায়ত্ব পৰিষদে তিৱা জনগোষ্ঠীয় যুৱক যুৱতী সকলৰ সৰ্বাংগিন বিকাশ আৰু স্ব-নিৰ্ভশীলৰ বাবে প্ৰৱৰ্তন কৰা কৌশল বিকাশ যোজনাৰ আঁচনিৰ অধীনত দেওবাৰে তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁওস্থিত কেন্দ্ৰত ১৫০ জন প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰে।

তিৱা স্বায়ত্ব পৰিষদৰ মৰিগাঁও লঠাবৰিস্থিত কৌশল বিকাশ কেন্দ্রত এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত যুৱক-যুৱতী সকলৰ প্ৰমাণ পত্ৰ প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই। 

মুখ্য কাৰ্যবাহী সদস্য মান্তাই কয় যে তিৱা জনগোষ্ঠীয় যুৱক-যুৱতী সকলৰ সৰ্বাংগিন বিকাশ আৰু স্ব-নিৰ্ভশীলৰ ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনি সমূহৰ  সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই কয় বৰ্তমান হৈছে প্ৰতিযোগিতা মূলক সময়। এই সময়ৰ লগত আগবাঢ়ি যাবলৈ হ’লে কাৰিকৰী জ্ঞান অতিকৈ প্ৰয়োজন। সেয়ে আমাৰ যুৱক-যুৱতী সকলৰ ভৱিষ্যত বিকাশ তথা স্ব-নিৰ্ভশীলৰ ক্ষেত্ৰত এই আঁচনি সমূহ ৰূপায়ন কৰা হৈছে। 

উল্লেখ্য যে, তিৱা স্বায়ত্ব পৰিষদৰ আৱন্টিত পুঁজিয়ে তিৱা স্বায়ত্ব পৰিষদৰ এলেকাধীন মৰিগাঁও, ৰহা আৰু কঠিয়াতলি এই তিনিটা স্থানত কৌশল বিকাশ যোজনাৰ কেন্দ্ৰ স্থাপনৰ জৰিয়তে ৩৩৩ জন প্ৰশিক্ষাৰ্থীয়ে ইলেক্ট্ৰিচিয়ান, বিউতিচিয়ান, অফিচ মেনেজমেণ্ট আৰু ম'বাইল ৰিপিয়াৰিংৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। 

তিনি মাহ ধৰি চলা এই প্ৰশিক্ষণৰ অন্তত কালি মৰিগাঁও লঠাবৰিস্থিত কৌশল বিকাশ যোজনাৰ কেন্দ্ৰত ১৫০ জন প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰে তিৱা স্বায়ত্ব পৰিষদে। এই উপলক্ষে অনুষ্ঠিত সভাত তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য পিতাম্বৰ বৰদলৈ, এলিজা ৰাভা বৰদলৈ, তিৱা স্বায়ত্ব পৰিষদৰ সদস্য ৰাতিয়া বৰদলৈ, মন্টু বৰদলৈ, বুবুল পাতৰ আদি কৰি তিৱা স্বায়ত্ব পৰিষদৰ বিষয়া কৰ্মচাৰী আৰু প্ৰশিক্ষাৰ্থী সকলে অংশ গ্ৰহণ কৰে।