ডিজিটেল ডেস্কঃ সন্তান হেৰুওৱা পিতৃ-মাতৃৰ আৰ্তনাদ আৰু ৰাইজৰ প্ৰতিবাদক নাটক আখ্যা দিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে৷ ইয়াক লৈ এতিয়া তীব্ৰ সমালোচনাৰ পাত্ৰ হ’ব লগা হৈছে মুখ্যমন্ত্ৰীগৰাকী৷ উত্তৰ প্ৰদেশত তীব্ৰ বেগী ৰেলৰ খুন্দাত ১৩টা শিশু ছাত্ৰৰ মৃত্যুৰ হোৱাৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়তে মুখ্যমন্ত্ৰী এই ঘটনাক লৈ সংবেদনশীল হয় নে তাক লৈ উত্থাপন হৈছে৷ পুত্ৰ শোকত কন্দা-কটা কৰা পিতৃ-মাতৃক ‘নাটক’ কৰা বুলি কোৱাত এই মন্তব্যৰ বিৰুদ্ধে বহু লোক সোচ্চাৰ হৈ পৰিছে৷
বৃহস্পতিবাৰে পুৱাই উত্তৰ প্ৰদেশৰ কুশীনগৰত ৰেলৱে ক্ৰছিং পাৰ হ’ব ধৰোতেই বাছ এখনক চলন্ত ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত ১৩টি শিশুৰ মৃত্যু হয়৷ সাতগৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। মুঠ ১৮ গৰাকী কণ কণ ছাত্ৰ-ছাত্ৰী স্কুলবাছখনত বিদ্যালয় অভিমুখে গৈ আছিল। উত্তৰ প্ৰদেশৰ কুশীনগৰ এলেকাৰ এটা ৰেলৱে ক্ৰছিং পাৰ হ’ব লওতে বাছ এখনক চলন্ত ৰেলগাড়ীয়ে খুন্দা মৰাৰ ফলত ১ত টি শিশুৰ মৃত্যু হয়৷