Home ৰাজ্যশিৱসাগৰৰ আমগুৰিত উপ-কোষাগাৰ উদ্ধোধন

শিৱসাগৰৰ আমগুৰিত উপ-কোষাগাৰ উদ্ধোধন

by News Desk
81 views
A+A-
Reset

আমগুৰিঃ শিৱসাগৰ জিলাৰ আমগুৰিত বুধবাৰে উপ-কোষাগাৰ উদ্ধোধন কৰে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাই৷ বুধবাৰে পৰিৱৰ্তনৰ নতুন দিশত আমগুৰি এখোজ আগবাঢ়িল৷ বিত্ত বিভাগৰ অনুমোদন মৰ্মে ৰাজ্যত স্থাপন হ’ব লগা মুঠ ২৮ কোষাগাৰৰ ভিতৰত বাক্সা জিলাৰ পিছতে ৰাজ্যৰ দ্বিতীয়টো তথা উজনি অসমৰ প্ৰথমটো উপ-কোষাগাৰ মুকলি কৰা হয় শিৱসাগৰ জিলাৰ আমগুৰিত। প্ৰায় ২৮শ কৰ্মচাৰী উপকৃত হোৱাকৈ আমগুৰিত স্থাপন কৰা উপ-কোষাগাৰ ফিটা কাটি দ্বাৰ উন্মোচন কৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই।

১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মুকলি কৰা উপ-কোষাগাৰৰ দ্বাৰ উদ্ধোধন অনুষ্ঠানত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, কোষাগাৰ আৰু হিচাপ সঞ্চালকালয়ৰ সঞ্চালক বিদ্যুৎ ডেকাৰজা, শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ন কোঁৱৰকে আদি কৰি প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি। উপ-কোষাগাৰৰ উদ্ধোধন আমগুৰিবাসী ৰাইজৰ বহু প্ৰত্যাশিত, আমগুৰিক মহকুমালৈ ৰূপান্তৰ হোৱাৰ পথ প্ৰশস্ত কৰিছে বুলি বক্তব্য আগবঢ়ায় জিলা উপাযুক্ত নাৰায়ন কোঁৱৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0