Home ৰাজ্যআন্দোলন নকৰো বুলি শ্ৰমিকে কৰি দিব লাগে স্বাক্ষৰ, পলায়ণ কৰিব ল’গা হ’ল কংগ্ৰেছী ৰাজু চাহু

আন্দোলন নকৰো বুলি শ্ৰমিকে কৰি দিব লাগে স্বাক্ষৰ, পলায়ণ কৰিব ল’গা হ’ল কংগ্ৰেছী ৰাজু চাহু

by News Desk
64 views
A+A-
Reset

চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মাউদ চাহ বাগিছাৰ মজদুৰ ক্লাৱত চাবুৱাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা অসম চাহ মজদুৰ সংঘৰ নেতা ৰাজু চাহুৱে মঙলবাৰে পূৱাই একাংশ নেতা পালিনেতাক লগত লৈ উপস্থিত হয়৷ তলা বন্ধ মাউদ চাহ বাগিচাৰ তলা খুলি মাথো বাঃ বাঃ লোৱাৰ উদ্দেশ্যে পূৱা ১০ বজাত উপস্থিত হৈ ৰাইজৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰিব বিচৰাত শ্ৰমিকসকলৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

দেহৰ ঘাম মাটিত পেলাই অৰ্থ উপাৰ্জন কৰি ঘৰ চলোৱা শ্ৰমিকসকলক অন্যায় কৰি বাগিচা কৰ্তৃপক্ষই বাগিচা খনত তলা ওলোমাই থয়৷ যাৰ ফলত দৰিদ্ৰ শ্ৰমিকসকলে হাহাকাৰ কৰিব লগা হয়৷ মাউদ চাহ বাগিচাৰ শ্ৰমিকসকলে যোৱা ১৬ অক্টোবৰত স্থায়ী চিকিৎসক নিযুক্তি দিয়া, প্ৰতিমাহে বিদুৎতৰ নামত ৪০০ টকাকৈ অন্যায়ভাৱে শ্ৰমিকৰ পৰা লোৱা, বাগিচাখনৰ শ্ৰমিকসকলৰ ঘৰত শৌচাগাৰৰ সুবিধা প্ৰদান কৰা, শ্ৰমিকৰ জৰাজীৰ্ণ গৃহ মেৰামতি কৰা, মজুৰি বৃদ্ধি কৰাকে আদি কৰি বহুকেইটা বিষয়ৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল বাগিচা খনৰ মালিকৰ বিৰুদ্ধে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0