চামগুৰিঃ চামগুৰি সমষ্টিৰ কনোৱামাৰী গাঁও পঞ্চায়তত বৃহস্পতিবাৰে এমজিএনৰেগা আঁচনি ৰূপায়নত ব্যপক দপৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ বাজিয়াগাঁও উন্নয়ন খণ্ডৰ একাংশ বিষয়াই দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি একাংশ জৱকাৰ্ড শ্ৰমিকে আৰক্ষী থানাত গোচৰ তৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত সকৰে।
জানিব পৰা মতে, বাজিয়া গাঁও উন্নয়ন খণ্ডত এনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি ৰফিকুল ইছলাম নামৰ এজন লোকে খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাৰ লগতে গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু পঞ্চায়ত সচিবৰ বিৰুদ্ধে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷