ঢেকীয়াজুলিঃ ২০০৩চনত চপাই চাহ বাগিচাত শ্ৰমিকে দুগৰাকী পৰিচালকক বাংলাৰ চৌহদতে জ্বলাই নৃংশসতাৰে হত্যা কৰি শোষণৰ বিৰুদ্ধে চৰম প্ৰতিশোধ লোৱা ঘটনাই আজিও অঞ্চলবাসীক শিহৰিত কৰি তোলে৷ এই ঘটনাৰ পিছতে ২০০৩চনত চপাই চাহ বাগিচা ৫০ দিন বন্ধ হৈ পৰিছিল৷ সেই সময়ত এই ঘটনাই কপাঁই গৈছিল সমগ্ৰ ৰাজ্য৷
আজি পুনৰ সেই চপাই চাহ বাগিচাত কৰ্মৰত সহশ্ৰাধিক শ্ৰমিকে নিজৰ প্ৰাপ্য অধিকাৰ আৰু শোষণৰ বিৰুদ্ধে পৰিচালকৰ কাৰ্য্যালয় ঘেৰাও কৰি এক প্ৰকাৰ শ্ৰমিক বিদ্ৰোহৰ সূচনা কৰে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত চপাই চাহ বাগিচাত শ্ৰমিকসকলে আজি পুৱাৰ ভাগত কামলৈ যোৱাৰ বিপৰীতে বাগিচাৰ কাৰ্য্যালয়ৰ চৌহদত এক গোট হৈ সাব্যস্ত কৰে প্ৰতিবাদ।