বোকাজানঃ কৰ’না ভাইৰাছে দেশজুৰি আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে আজি দুজন শ্ৰমিক নাগালেণ্ডৰ পৰা খোজ কাঢ়ি আহি বকলীয়াঘাটত উপস্থিত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি দুপৰীয়াৰ ভাগত শ্ৰমিক দুজন বকলীয়াঘাটৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ তেওঁলোক দুয়ো নগালেণ্ডৰ ঘাছপানীত কৰ্মৰত আছিল বুলি জনায়৷
এ চি ই নামৰ এটা কোম্পানীৰ এস্কেভেটৰৰ চালক হিচাপে কৰ্মৰত ব্যক্তি দুজনে জানিবলৈ দিয়া অনুসৰি কালি পুৱতি নিশা চাৰি বজাত নিজ কৰ্মস্থলীৰ পৰা কাৰ্বি আংলং জিলাৰ নিজ ঘৰ অভিমুখে খোজ কাঢ়ি আহিবলৈ আৰম্ভ কৰে৷ প্ৰায় ৩০ ঘণ্টাতকৈ অধিক সময় দুয়োগৰাকী শ্ৰমিকে সুদূৰ নাগালেণ্ডৰ পৰা খোজকাঢ়ি আহি আজি দুপৰীয়া বকলীয়াঘাট অসামৰিক চিকিৎসালয়ত উপস্থিত হয়৷