দলংঘাটঃ এগৰাকী শিক্ষয়িত্ৰীৰ কাণ্ডত ক্ষোভিত হৈ পৰিছে দৰং জিলাৰ দেওমৰনৈৰ ৰাইজ৷ দেওমৰনৈৰ পুৱ বড়িগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অনিয়মীয়া উপস্থিতিক লৈ ৰাইজ ক্ষোভিত হৈ পৰিছে৷ কিয়নো বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰী যোৱা ১৪ বছৰে বিদ্যালয়ত উপস্থিত নোহোৱাকৈয়ে চৰকাৰী দৰমহা ভোগ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
গুণোৎসৱৰ দ্বাৰা বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপন কৰি থকাৰ সময়তে ৰাজ্যখনৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ কাণ্ডই চকু কপালত তোলাৰ সময়তে ছিপাঝাৰ শিক্ষা খণ্ডৰ পূৱ বড়িগাও প্ৰাথমিক বিদ্যালয়ত শিক্ষয়ত্ৰীয়ে বিদ্যালয়ত উপস্থিত নথকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কণ কণ ছাত্ৰ-ছাত্ৰীক শিক্ষা লাভৰ পৰা বঞ্চিত কৰি ১৪ বছৰে বিদ্যালয়ত উপস্থিত নথকাকৈয়ে এগৰাকী শিক্ষয়িত্ৰীয়ে দৰমহা ভোগ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷