newsnextone.com | কোকৰাঝাৰঃ ২০১৭ চনৰ ১ আগষ্টত অৰ্থ্যাৎ আজিৰ দিনটোতে কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ তিতাগুৰীৰ এখন টাইলচৰ দোকানত দিন দুপৰতে গুলিয়াই হত্যা কৰিছিল ছাত্ৰনেতা লাফিকুল ইছলাম আহমেদক। হত্যাকাণ্ডই এবছৰ পূৰ্ণ কৰিলে যদিও আজিও হত্যাকাৰী কৰায়ত্ব নহল ৷ ব্যাপক চাঞ্চল্য সৃষ্টিকাৰী লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ পিছত বিভিন্ন দল-সংগঠনৰ তীব্ৰ হেচাঁত চৰকাৰে দোষীক কৰায়ত্ব কৰাৰ বাবে প্ৰথমে এছআইটি গঠন কৰে যদিও পিছত লাফিকুল হত্যাকাণ্ডৰ গোচৰ চিবিআইক অৰ্পন কৰিছিল।
লাফিকুল হত্যাকাণ্ডৰ গোচৰ চিবিআইক হস্তান্তৰ কৰাৰ পিছত বিভিন্ন দল-সংগঠন, সাধাৰণ জনতা আৰু পৰিয়ালে লাফিকুলৰ হত্যাকাৰী শীঘ্ৰেই আটক হ’ব বুলি আশা কৰিছিল যদিও লাফিকুল ইছলাম হত্যাকাণ্ডৰ এবছৰ পিছতো দোষী কৰায়ত্ব নোহোৱাত প্ৰকৃততে লাফিকুল হত্যাকাণ্ড যে এক ৰাজনৈতিক ষড়যন্ত্ৰ আছিল সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে।