লখিমপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্র লখিমপুৰ উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে৷ আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত লখিমপুৰ জিলা ছাত্ৰ সংস্থা, কদম আঞ্চলিক ছাত্ৰ সংস্থাই ১০ ঘন্টীয়া অনশন পৃথকে পৃথকে পালন কৰে৷ লখিমপুৰ জিলা ছাত্ৰ সংস্থাই জিলা শ্বহীদ বেদীৰ কাষত আৰু কদম আঞ্চলিক ছাত্ৰ সংস্থাই কদম তিনিআলিৰ জিৰণি চৰাৰ সন্মুখত ১০ ঘন্টীয়া অনশন পালন কৰে৷