46
লখিমপুৰঃ সোমবাৰে লখিমপুৰ আৰক্ষীৰ অভিযানত পুনৰ বৃহৎ পৰিমানৰ ড্ৰাগছসহ আটক দুই ড্ৰাগছ ব্যৱসায়ী৷ লখিমপুৰৰ পশ্চিম চান্দমাৰীৰপৰা আটক ড্ৰাগছ বেপাৰী আজিজুৰ ৰহমান আৰু লালুকৰপৰা আটক মকবুল হুচেইন৷
ধৃত আজিজুৰৰ ঘৰ নাওবৈচাত আৰু মকবুলৰ ঘৰ বৰছলাত বুলি জানিব পৰা গৈছে৷ এই অভিযান লখিমপুৰৰ উপ-আৰক্ষী অধীক্ষক ফাৰুক আহমেদৰ নেতৃত্বত চলিছিল৷