লখিমপুৰঃ লখিমপুৰত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে ৰাজপথলৈ। অসমীয়াৰ জাতি-মাটি-ভেটিৰ অস্তিত্বহীন কৰিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ লখিমপুৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৰে৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি লখিমপুৰৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে৷