56
লখিমপুৰঃ পুনৰ উতপ্তৰ দিশে লখিমপুৰ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সন্দৰ্ভত অৰুণাচলৰ ৰাজ্যপালৰ বিৰ্তকিত মন্তব্যৰ পিছতে লখিমপুৰত তীব্ৰ প্ৰতিবাদ৷
অৰুণাচলৰ ৰাজ্যপালৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে। লখিমপুৰ নগৰৰ মাজমজিয়াত অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰৰ প্ৰতিকৃতি দাহ কৰি ৰাজ্যপাল গৰাকীক NHPC ৰ নদী বান্ধৰ সপক্ষে মন্তব্য নকৰিবলৈ সকিয়নী প্ৰদান কৰে।