লালুকঃ অসম চৰকাৰৰ গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ উদ্যোগত মঙলবাৰে লখিমপুৰ জিলাৰ লালুক পদুমণি গাঁওৰ কৰ্কট ৰোগী ভদ্ৰেশ্বৰ চেতীয়াক ডেৰ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায়৷
লখিমপুৰ জিলা নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিক ভদ্ৰেশ্বৰ চেতীয়া বিগত কিছুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷ কালি নাওবৈচা শ্ৰম পৰিদৰ্শক কাৰ্যালয়ৰ পৰিদৰ্শীকা বীনাপানি বৰাই ৰোগীজনৰ গৃহত উপস্থিত হৈ ডেৰ লাখ টকাৰ চেকখন প্ৰদান কৰে৷