লখিমপুৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ কাৰ্যত ক্ষুব্ধ ৰাইজ

Home ৰাজ্যলখিমপুৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ কাৰ্যত ক্ষুব্ধ ৰাইজ

লখিমপুৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ কাৰ্যত ক্ষুব্ধ ৰাইজ

by News Desk
72 views
A+A-
Reset

লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ অধীনৰ তথা চাউলধোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ধলবস্তিতস্থিত এটা পানী যোগান আঁচনি যোৱা ১ বছৰতকৈও অধিক দিন ধৰি সম্পুৰ্ণৰূপে বিকল হৈ থকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ চিলিমপুৰ, ধলবস্তি, মাজ ধলবস্তি, মঠাউৰি লাইন আদি ৰাইজৰ একমাত্ৰ ভৰষাৰ থলী পানী যোগান আঁচনিটো বিকল হৈ পৰাত গুৰুত্বৰ সমস্যাত ভোগিছে ৰাইজ৷

ৰাইজৰ মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উত্তৰ লখিমপুৰ সংমণ্ডলৰ বিষয়ববীয়াক বাৰম্বাৰ জনোৱাৰ পিছতো মাজে-সময়ে পানী যোগান আঁচনিতো পৰিদৰ্শন কৰাৰ বাহিৰে অন্য একো গুৰুত্ব দিয়া নাই৷ ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দি বিয়াগোম বিভাগটোৰ এই সোপাধিলা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে চাউলধোৱা গাঁ ওপঞ্চায়তৰ চাৰিখনকৈ গাঁৱৰ ৰাইজে৷  সংবাদদাতাৰ এই প্ৰতিবেদনৰ পিছত গা লৰিবনে উত্তৰ লখিমপুৰ সংমণ্ডলৰ বিভাগৰ সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0