লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ অধীনৰ তথা চাউলধোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ধলবস্তিতস্থিত এটা পানী যোগান আঁচনি যোৱা ১ বছৰতকৈও অধিক দিন ধৰি সম্পুৰ্ণৰূপে বিকল হৈ থকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ চিলিমপুৰ, ধলবস্তি, মাজ ধলবস্তি, মঠাউৰি লাইন আদি ৰাইজৰ একমাত্ৰ ভৰষাৰ থলী পানী যোগান আঁচনিটো বিকল হৈ পৰাত গুৰুত্বৰ সমস্যাত ভোগিছে ৰাইজ৷

ৰাইজৰ মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উত্তৰ লখিমপুৰ সংমণ্ডলৰ বিষয়ববীয়াক বাৰম্বাৰ জনোৱাৰ পিছতো মাজে-সময়ে পানী যোগান আঁচনিতো পৰিদৰ্শন কৰাৰ বাহিৰে অন্য একো গুৰুত্ব দিয়া নাই৷ ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দি বিয়াগোম বিভাগটোৰ এই সোপাধিলা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে চাউলধোৱা গাঁ ওপঞ্চায়তৰ চাৰিখনকৈ গাঁৱৰ ৰাইজে৷  সংবাদদাতাৰ এই প্ৰতিবেদনৰ পিছত গা লৰিবনে উত্তৰ লখিমপুৰ সংমণ্ডলৰ বিভাগৰ সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব৷