46
জিয়াউল আলী, লখিমপুৰঃ এপিডিচিএলে শেহতীয়াকৈ অনুষ্ঠিত কৰা নিয়োগ পৰীক্ষাত হোৱা ব্যাপক খেলিমেলিৰ বাবে দুৰ্নীতি-বিৰোধী যুৱশক্তি, অসমে ইয়াৰ অধ্যক্ষ ভিকে পিপাৰচেনিয়া আৰু পৰীক্ষাৰ আয়োজন কৰা মুম্বাইৰ ব্যক্তিগত প্ৰতিষ্ঠান নিচিক’ন ইম্প্ৰেছনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত শুকুৰবাৰে আয়োজিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে দুৰ্নীতি-বিৰোধী যুৱশক্তি, অসমে৷