জিয়াউল আলী, লখিমপুৰঃ ক'লকাতাৰপৰা ৰ'ড ভৰ্তি এখন ট্ৰাক গহপুৰলৈ আহি থকা অৱস্থাত ৰাজপথত চালকক চকু-মুখ, হাত-ধৰি বান্ধি দুৰ্বৃত্তই হাইজেক কৰে ট্ৰাকএখন৷ 

কলকাতাৰ গৌৰখপুৰৰ ৰেশমী ফেক্টৰীৰপৰা ফ’ৰলেনযুক্ত পথৰ নিৰ্মানৰ বাবে ৩০ টন ৰ'ড লৈ ১৮ জুনত ৰাওনা হৈছিল ট্ৰাকখন৷ দুৰ্বৃত্তই ট্ৰাকখনৰ ড্ৰাইভাৰক হাত-ভৰি বান্ধি পেলাই দি ৰ'ড ভৰ্তি ট্ৰাকখনলৈ উধাও হয়৷ 

শ্ৰীৰামপুৰ সীমান্তৰপৰা চালকজনে ট্ৰাক মালিকলৈ ফোন কৰি গাড়ী হাইজেক হোৱাৰ কথা জনায়৷ অৱশেষত দেওবাৰে নিশা পৰিত্যক্ত অৱস্থাত ট্ৰাকখন উদ্ধাৰ হয় লখিমপুৰৰ লালুকৰ ইছলামপুৰৰ লালুক-বিহপুৰীয়া সংযোগী পথত৷ 

দুৰ্বৃত্তই ট্ৰাকখনৰ ৰ'ড বিক্ৰী কৰি খালি ট্ৰাকখন লালুকৰ ৰাজপথৰ কাষত এৰি থৈ উধাও হয়৷ গহপুৰ আৰক্ষীয়ে লালুক আৰক্ষীৰ সহযোগত ট্ৰাকখন উদ্ধাৰ কৰি চালক জনক সোধাপোচা অব্যাহত ৰাখিছে৷ ৰাজপথৰপৰা ট্ৰাক হাইজেক কৰা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷