লখিমপুৰঃ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ জাপি দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য ত্যাগ কৰা নেতা হিৰন্য পাঠৰীয়ে৷
বিজেপি দলত যোগদান কৰাৰ পৰৱৰ্তী সময়ত বুধবাৰে দিনৰ ৪ বজাত লখিমপুৰ জিলা বিজেপি কাৰ্য্যালয়ত সংবাদ মেল আয়োজন কৰি হিৰন্য পাঠৰীয়ে আঙুলিয়াই অখিল গগৈৰ সম্পত্তিৰ ওপৰত৷
অখিল গগৈক প্ৰত্যাহ্বান জনাই হিৰন্য পাঠৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে গুৱাহাটীৰ বিভিন্ন ঠাইত থকা অখিল গগৈৰ মাটি সম্পত্তি অধিক থকাৰ বিষয়ে৷ লগতে ফটোসহ দাঙি ধৰে অখিলৰ মাটি সম্পত্তিৰ বিভিন্ন ধৰণৰ তথ্য-পাতি৷
অখিলৰ এই অবৈধ মাতি সম্পত্তিৰ ক্ষেত্ৰত চৰকাৰক ব্যবস্থা গ্ৰহণ কৰিবলৈও দাবী জনায় হিৰণ্য পাঠৰীয়ে।