জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ লীলাবাৰীতস্থিত ১৩ নং অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহ আজি লখিমপুৰ জিলাৰ লীলাবাৰীত অনুষ্ঠিত হয়।

ৰাষ্ট্ৰীয় পতাকাৰ তলত ৰাজ্যিক আৰক্ষী পতাকা অৰ্দ্ধতাৰে শপত গ্ৰহন কৰিলে ১৩ নং অসম আৰক্ষী বাহিনীৰ ১৪৯ জন জোৱানে।

শপত গ্ৰহণ পাঠ কৰোৱাই অতিথি তথা অধিনায়ক দেৱস ৰঞ্জন দাসে। ২০১৮ চনৰপৰা ৬ আগষ্ট বুনিয়াদী প্ৰশিক্ষণ অৰ্থাৎ ৪৩ সপ্তাহৰ অন্তত পূৰ্ণাংগ আৰক্ষী হিচাপে স্বীকৃত কৰা হয় এই সকল জোৱানৰ।

বহু আৰক্ষী বিষয়াৰ উপস্থিতিত এক বৰ্ণাঢ্য অনুস্থানত আৰক্ষীৰ কুচ কাৱাজৰ অভিবাদন গ্ৰহণ কৰি অধিনায়ক গৰাকীয়ে ভাষন প্ৰসঙ্গত কয় যে দেশৰ স্বাৰ্থত দৃঢ়তাৰে কৰ্তব্য পালন কৰি প্ৰতিজন জোৱানে নিজক বৰ্তী ৰখাটোৱেই লক্ষ্য আৰক্ষীৰ।