জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰৰ বগীনদী উন্নয়ন খণ্ডৰ অধিনত থৌ-থোৱানী গাঁও পঞ্চায়তৰ অন্তৰ্গত লীলাবস্তি বীণাপাণি মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰ আৰু ফিচাৰিৰ বাবে যোৱা ২০১৭-১৮ বৰ্ষত MGNREGA আঁচনিৰ কামৰ আবন্টিত ধনৰ পৰিমাণ আছিল ফিচাৰিৰ বাবে ৫ লাখ আৰু খেলপথাৰৰ বাবে ৩ লাখ টকা। 

কিন্তু আজিলৈকে এই কাম সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ শিক্ষকে থৌ-থোৱানী পঞ্চায়তত আৰু বগীনদী উন্নয়ন খণ্ডক বিষয়টো অৱগত কৰে যদিও বিষয়টোত পঞ্চায়তে বা উন্নয়ন খণ্ডই বৰ্তমানলৈকে কোনো ব্যৱস্থা নোলোৱাত বিদ্যালয়খনৰ শিক্ষক আৰু স্থানীয় ৰাইজে ঠিকাদাৰ পক্ষৰ লগত থৌ-থোৱানী পঞ্চায়ত আৰু বগীনদী উন্নয়ন খণ্ডৰ মাজত গোপনে বুজাবুজি আছে বুলি মত প্ৰকাশ কৰে।