লখিমপুৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰত মিঞা পৰিষদৰ জোৰ লৈ সমদল৷ শুকুৰবাৰে সন্ধিয়া লক্ষীপুৰৰ কমাৰপাৰৰপৰা উলিয়াই এই জোৰ সমদল৷ এন আৰ চিত খিলঞ্জীয়াৰ বিৰুদ্ধে ভুৱা আপত্তি বাতিলৰ দাবীত মিঞা পৰিষদৰ এই জোৰ সমদল৷
খিলঞ্জীয়াৰ বিৰুদ্ধে ভুৱা আপত্তি নচলিব, ভুৱা আপত্তি বাতিল কৰক, খিলঞ্জীয়াক হাৰাশাস্তি নচলিব আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে মিঞা পৰিষদে৷ এই জোৰ সমদলত মিঞা পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক এম মহৰ আলী, মিঞা ছাত্র পৰিষদৰ সভাপতি আখিৰিজ জামান মোল্ল্যা প্ৰমূখ্যে মিঞা পৰিষদৰ প্ৰায় শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে৷ খিলঞ্জীয়াৰ বিৰুদ্ধে ভুৱা আপত্তিৰ ষড়যন্ত্ৰ বন্ধ নহ’লে ভয়াৱহ আন্দোলন গঢ়িতোলাৰ হুংকাৰ দিয়ে মিঞা পৰিষদৰ কৰ্মী বৃন্দই৷