লখিমপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাট মৌজাৰ বৰখামতি গাঁৱত ১৮ আৰু ১৯ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ'য় 'মাই-কো-ছুম-ফাই' উৎসৱ। বৌদ্ধ ধৰ্মীয় টাই খামতি জনগোষ্ঠীয় লোক সকলৰ বাবে পৱিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে উলহ-মালহেৰে উদযাপন কৰে এই পবিত্ৰ উৎসৱৰ৷

বৰখামতিৰ যুৱ সংগঠক চাও প্ৰদীপ মুংলাঙে জানিবলৈ দিয়া অনুসৰি কালি উৰুকাৰ বিয়লি ভাগৰপৰা মেজি উৎসৱ স্থলীত গাঁৱৰ প্ৰাৰ্থনা সভা, বন্তি প্ৰজ্বলন আৰু আবাল-ডেকা-গাভৰু সকলোৱে একলগে বৰখামতি বৌদ্ধ মন্দিৰৰ ভান্টেক সাক্ষী কৰি চাও ছেৰে টেৱম নামছুমৰ সৌজন্যত ভগৱান বৌদ্ধৰ প্ৰতি পূজা-নিবেদন কৰে। 

ইয়াৰ পিছতে আজি ৪ বজাত মেজি প্ৰজ্জ্বলনৰ দ্বাৰা অগ্নিদান কৰি ঈশ্বৰৰ চৰণত শৰণ লোৱা হয়। এই অগ্নিদানেৰে বৌদ্ধ ধৰ্মীয় লোকসকলে প্ৰচুৰ শীতৰ বতৰত ভগৱান বৌদ্ধক জুইৰ তাপ দিয়াৰ পৰম্পৰা তাহানিৰে পৰা চলি আহিছে। 

মুঠৰ ওপৰত 'মাই-কো-ছুম-ফাই' উৎসৱ উপলক্ষে সমগ্ৰ পৰিৱেশ বৌদ্ধৰ বাণীৰে মুখৰ কৰি তোলাৰ লগতে ধূপ-দ্বীপ-মম বাতিৰ পোহৰ, ফুল-চন্দন আৰু ডবা-ঘন্টাৰ শব্দত উদুলি-মুদুলি হৈছে বৰখামতিত। ইফালে, পৰম্পৰাগত টাই খামতি জা-জলপান, পিঠা-পনাৰে আলহী আপ্যায়নত বৰখামতিৰ জীয়াৰী-বোৱাৰী ব্যস্ত হৈ পৰা দেখা গৈছে।

উল্লেখ্য যে, মাঘী পূৰ্ণিমা উপলক্ষে খেৰাজখাট মৌজাৰ শ্ৰীভূঞা, বৰপথাৰ, বৰবালী, দেওতোলা, গোসাঁঁইবাৰী গাঁৱতো মাই-কো-ছু'ম-ফাই উৎসৱ উদযাপিত কৰা হৈছে।