ফখৰুল ইছলাম, দৰংঃ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত এনআৰচিৰ কাম চলি আছে। এই ক্ষেত্ৰত ইত্তেহাদ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিয়ে পূৰ্বৰে পৰা সহযোগ কৰি অহাৰ লগতে আশা কৰিছিল যে বিদেশীৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত চলি অহা হাৰাশাস্তিৰ অন্ত পৰিব। কিন্তু এনআৰচিৰ কামৰ শেষৰ পিনে দেখা গৈছে বিভিন্ন পন্থাৰে সংখ্যালঘু লোকক এনআৰচিৰপৰা বাদ পেলোৱাৰ এক গভীৰ ষড়যন্ত্ৰ চলিছে।
অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰীৰ প্ৰৰোচনা মুলক মন্তব্যৰ ফলত লাখ লাখ সংখ্যালঘু লোকৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাই হাৰাশাস্তি চলোৱা শেষ হোৱাই নাই পুনৰ আন এক ষড়যন্ত্ৰ চলাইছে অসম চৰকাৰ আৰু এনআৰচি কতৃিপক্ষই৷