জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ ফুলবাৰীত মৃত্যু যন্ত্ৰণাত ছটফটাইছে এটা বনৰীয়া হাতীয়ে৷ মঙলবাৰে এটা দুৰ্ঘটনাগ্ৰস্ত বনৰীয়া হাতীয়ে নিশা খাদ্যৰ সন্ধানত ওলাই আহি অসম-অৰুণাচল সীমান্তৰ লখিমপুৰ ফুলবাৰীৰ ২ নং হাতীয়েমৰা গাঁৱৰ পুখুৰীত সোমাই মৃত্যু যন্ত্ৰণাত ছটফটাই আছে হাটীটোৱে৷
পূৰ্বতে গুলীবিদ্ধ হোৱা বুলি সন্দেহ কৰা হাতীটো ২ নং হাতীয়েমৰাৰ যাদৱ বৰা নামৰ লোকজনৰ বাৰীৰ পুখুৰীত সোমাই পৰিছে।
স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক বহু পলমকৈ যায় আৰু হাতীটোক খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰে।