54
লখিমপুৰঃ পথ-দলং মেৰামতিৰ দাবীত লখিমপুৰত ৰাইজৰ উত্তাল প্ৰতিবাদ৷ লখিমপুৰৰ বগীনদী উন্নয়ন ঐক্যৰ উদ্যোগত কেইবাশতাধিক লোকে লখিমপুৰৰ বগীনদীত ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি দলং মেৰামতি কৰাৰ দাবী জনায়।
ধেমাজি লখিমপুৰ সংযোগী ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ বগীনদী দলংৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক ব্যাপক সমস্যাত পেলাই অহাৰ পিছতো চৰকাৰে দলং খন মেৰামতি কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷