50
লখিমপুৰঃ লখিমপুৰ জিলা আৰক্ষী বিভাগৰদ্বাৰা মঙলবাৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ আলোচনা গৃহত ‘পথ সুৰক্ষা আৰু যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থাপনা’ শীৰ্ষক আলোচনা-চক্ৰ অনুষ্ঠিত হয়।
এই সজাগতামূলক আলোচনা-চক্ৰত লখিমপুৰ জিলাৰ মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগু, জিলা যান-বাহন পৰিদৰ্শক মাখন কুমাৰ দত্ত, উত্তৰ লখিমপুৰ সদৰ থানাৰ অচি আদিত্য প্ৰকাশ দেউৰীকে ধৰি বহুকেইজন চৰকাৰী বিষয়াৰ লগতে বেচৰকাৰী সংস্থা আৰু সংগঠনৰ লোক উপস্থিত থাকে।